11/05/2026
ভাৰতীয় বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰৰ এটা উল্লেখযোগ্য দিন- ১৯৯৮ চনত পোখৰাণত হোৱা সফল পাৰমাণৱিক পৰীক্ষা। ভাৰতৰ প্ৰখ্যাত বিজ্ঞানী, মিছাইল মেন হিচাপে খ্যাত ড° এ পি জে আব্দুল কালামৰ নেতৃত্বত হোৱা এই পৰীক্ষা আছিল ভাৰতৰ বাবে এক সফলতাৰ মাইলৰ খুঁটি।
পাৰমাণৱিক পৰীক্ষাৰ এই বিশেষ দিনটোতেই দেশজুৰি পালন কৰা ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ জৰিয়তে দেশীয় প্ৰযুক্তিৰ বিকাশ, উদ্ভাৱনৰ আঁৰত থকা বিজ্ঞানীসকলৰ অৱদানৰ প্ৰতি বিশেষভাৱে সন্মান জনোৱা হয়।