AssamKart

AssamKart Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from AssamKart, Gauhati.

11/01/2020

The website is up and running but we are still finding some problems with the app.

আকৌ পপ অসমীয়া (Aakou Pop Asomiya) নাজমা মুখার্জী (Najma Mukherjee)‘পপ অসমীয়া’ সমাজখন আছিল উত্তৰ আধুনিক৷ এতিয়া সমাজলৈ বোল...
24/06/2017

আকৌ পপ অসমীয়া (Aakou Pop Asomiya)
নাজমা মুখার্জী (Najma Mukherjee)

‘পপ অসমীয়া’ সমাজখন আছিল উত্তৰ আধুনিক৷ এতিয়া সমাজলৈ বোলে ছুপাৰ উত্তৰ আধুনিকতা আহিছে৷ পৰিয়াল ব্যৱস্থা, যান-বাহন, উৎসৱ-পার্বণ আৰু জীৱিকা- এই সকলো দিশতে ছুপাৰ উত্তৰ আধুনিকতাৰ ছাপ প্ৰকট হৈ দেখা দিছে৷ ছুপাৰ উত্তৰ আধুনিকতাই পুৰণি প্ৰমূল্যবোধ ভাঙি তচ-নচ কৰি দিছে৷ আগতে যিবোৰ একেবাৰে অৱহেলিত, নিষ্পেষিত, মূল্যহীন মানুহ কিংবা অইন প্ৰাণী আছিল, যিবিলাক সমাজৰ অঙ্গ হৈয়ো কণমান মূল্যও যাৰ নাছিল, সেইবিলাকে হেনো এতিয়া সমাজখন চলাব৷ সমাজক গতিশীল কৰি তোলাত উল্লেখযোগ্য ভূমিকা ল’ব৷

কিন্তু ‘আকৌ পপ অসমীয়া’ বোলা কিতাপখনৰ কথাবোৰ সঁচা নে মিছা, অতিশয়োক্তি নে অতিৰঞ্জন একো ধৰিব নোৱাৰি৷ ....... ক’ত মেকুৰীয়ে গাড়ী চলাইছে? কাউৰীয়ে চলোৱা কেবত উঠি পপ অসমীয়া অফিচলৈ গৈছে? ক’ত বান্দৰ ড্ৰাইভাৰ? ধেকুৰাৰ মূল্যবৃদ্ধি! কুকুৰৰ কাৰখানা৷ এইবোৰ প্ৰলাপ! পগলাৰ প্ৰলাপ! বাতুলতা৷ মিথ্যা ভাষণ৷ ‘আকৌ পপ অসমীয়া’ মিছা কথাৰ ভঁৰাল৷ মিছা কথাৰে মানুহক ভুল পথে পৰিচালিত কৰাৰ নামেই হ’বলা ছুপাৰ উত্তৰ আধুনিকতা? নাজানো দেই কিখন হ’বলৈ লৈছে!

https://goo.gl/Ny1iJ1

জোনাকীমালিকা (Jonakimalika) ৰঞ্জুমণি মহন্ত (Ranjumani Mahanta) ৰঞ্জুমণি মহন্তৰ কবিতা স্নিগ্ধ আৱেগৰ নিষ্পাপ সুষমাৰে প্ৰোথ...
24/05/2017

জোনাকীমালিকা (Jonakimalika)
ৰঞ্জুমণি মহন্ত (Ranjumani Mahanta)

ৰঞ্জুমণি মহন্তৰ কবিতা স্নিগ্ধ আৱেগৰ নিষ্পাপ সুষমাৰে প্ৰোথিত৷ আৱেগময় শব্দক যুক্তিৰ শৃংখলাৰে প্ৰাত্যাহিক জীৱনৰ দিনানুদৈনিকতাৰ প্ৰতিচ্ছবি অংকন কৰা কবিসকল আৰু অদ্বিতীয়৷

স্ব-চেতনাৰ বুদ্ধিদীপ্ত প্ৰকাশভংগীৰ ‘জোনাকীমালিকা’ৰ কবিতাসমূহত পৰিস্ফূত হৈছে সাম্প্ৰতিক সময়ৰ দ্বিধা-দ্বন্দ্ব, চয়-নিচয়, সংঘাত-সমন্বয়ৰ সমাহিত সন্তুলনৰ বাংময় ছবি৷ যৌক্তিক শৃংখলাৰে কবিয়ে প্ৰশ্ন তুলিছে সেই সমূহ বিষয়ত, যি সমূহ বিষয় ‘নাৰী-মানসিকতা’ৰ সচৰাচৰ ফ্ৰে’মত বন্দী নহয়৷ সুলভ সত্য আৰু আশাবাদৰ বিপৰীতে কবিৰ যাত্ৰা গভীৰৰ পৰা গভীৰতৰ অন্বেষণৰ প্ৰতিহে৷ অপৰীক্ষিত সত্যৰ প্ৰতি কবিৰ সহজাত দুর্বলতা নাই; বৰং কবি-মানসৰ অন্তর্জগতত ক্ৰিয়াশীল দুনির্বাৰ সত্যৰ প্ৰতি সন্দেহ আৰু প্ৰশ্নহে কবিতাসমূহত উত্থাপিত৷

বৌদ্ধ দর্শন, আলবেয়াৰ ক্যেমুৰ পৰা অসমৰ জন-জীৱনৰ (শৰৎ, বসন্ত, পলাশ, ভোগালী) বিভিন্ন সংঘটনলৈ বিচ্ছুৰণ আৰু পৰিব্ৰজনৰ কবি ৰঞ্জুমণি মহন্ত৷

--বেদান্ত পূজাৰী

https://goo.gl/FF5nq9

ৰঞ্জুমণি মহন্তৰ কবিতা স্নিগ্ধ আৱেগৰ নিষ্পাপ সুষমাৰে প্ৰোথিত৷ আৱেগময় শব্দক যুক্তিৰ শৃংখলাৰে প্ৰাত্যাহিক জীৱনৰ দিনানুদৈনিকতাৰ প্ৰতিচ্ছবি অংকন কৰা কবিসকল আৰু অদ্বিতীয়৷

বকুল ফুলৰ মালা (Bokul Phulor Mala) প্ৰণীতা বৰা ভূঞা (Pronita Bora Bhuyan)প্ৰণীতা বৰা ভূঞা অসমীয়া সাহিত্যৰ এগৰাকী বলিষ্ঠ ...
24/05/2017

বকুল ফুলৰ মালা (Bokul Phulor Mala)
প্ৰণীতা বৰা ভূঞা (Pronita Bora Bhuyan)

প্ৰণীতা বৰা ভূঞা অসমীয়া সাহিত্যৰ এগৰাকী বলিষ্ঠ সাহিত্যিক৷ ১৯৮০ ৰ দশকতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ‘ঘৰ জেউতি’, ‘লখিমী’, ‘যুৱবাণী’ আদি অনুষ্ঠানৰ যোগেদি চুটিগল্প প্ৰচাৰ কৰি সমাজৰ মাজত তেওঁ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল৷ সেইসমূহ ‘পশ্চিমৰ বেলি’ কিতাপখনত প্ৰকাশ পাইছে৷

এগৰাকী প্ৰগতিবাদী লেখিকা হিচাপে তেওঁৰ ৰচিত উপন্যাস ‘মৰমে যেতিয়া পৰিধি ভাঙে’, ‘জোনাক ৰাতিৰ নিশিগন্ধা’, ‘সৰা শেৱালি বুটলি’ আদি কিতাপে ইতিমধ্যে পাঠকৰ মৰম বুটলিবলৈ সক্ষম হৈছে৷ যাৰ বাবে নতুন গ্ৰন্থ সৃষ্টিৰ পথ-পৰিক্ৰমা অব্যাহত আছে৷

প্ৰণীতা বৰা ভূঞাই ১৯৭৮ চনতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰির্ভিয়াচ বর্ষৰ প্ৰথম ছাত্ৰী (Topper) আৰু ১৯৭৯ চনত সাহিত্য বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ হৈয়ো কোনো চৰকাৰী চাকৰি নকৰি আজীৱন সমাজসেৱা আৰু সাহিত্য-সাধনা কৰে৷ সেইবাবে তেওঁৰ সাহিত্য-সাধনা মুক্ত বিহংগমৰ দৰে স্বাধীন৷ কলমে নির্দেশ দিয়া মুকলি পৃথিৱীখন তেওঁৰ লিখনিত ‘গোজ পদে নভোমণ্ডলম্’ হৈ ধৰা দিছে৷

লেখিকাৰ ‘বকুল ফুলৰ মালা’ উপন্যাসখনিত অসমীয়া সমাজৰ বিংশ শতাব্দীৰ কিছু ছবি দাঙি ধৰিবলৈ চেষ্টা কৰা দেখা যায়৷ উপন্যাসখনি সাংস্কৃতিক জীৱনৰো প্ৰামাণ্য দলিল৷ আনকেইখন গ্ৰন্থৰ দৰেই লেখিকাৰ প্ৰকাশভংগী, কাহিনী উপস্থাপন আৰু ভাষা-মাধুর্যৰে এই উপন্যাসখনিয়েও সহৃদয় পাঠকৰ হৃদয় চুই যাব বুলি আশা কৰা যায়৷ লেখিকালৈ আন্তৰিক শুভেচ্ছা জনালোঁ৷ লেখিকাৰ কলম সদা অব্যাহত থাকক৷

ড০ অনিল শইকীয়া
সভাপতি, শিৱসাগৰ জিলা সাহিত্য সভা

https://goo.gl/4nsWtV

প্ৰণীতা বৰা ভূঞা অসমীয়া সাহিত্যৰ এগৰাকী বলিষ্ঠ সাহিত্যিক৷ ১৯৮০ ৰ দশকতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত ‘ঘৰ জেউতি’, ‘লখিমী’, ‘যুৱবাণী’ আদি অনুষ্ঠানৰ যোগেদি চুটিগল্প প্ৰচাৰ কৰি সমাজৰ মাজত তেওঁ এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল৷ সেইসমূহ ‘পশ্চিমৰ বেলি’ কিতাপখনত প্ৰকাশ পাইছে৷

06/03/2017
Cure for Stupidity
15/12/2016

Cure for Stupidity

"সফলতাৰ সাধনা" আজি ইবুকৰ (ebook) ৰূপত প্ৰকাশিত হ'ল৷ যিসকলে কিতাপখন কিতাপৰ দোকান বা গ্ৰন্থমেলাত বিচাৰি পোৱা নাই আৰু যিসকল...
02/11/2016

"সফলতাৰ সাধনা" আজি ইবুকৰ (ebook) ৰূপত প্ৰকাশিত হ'ল৷

যিসকলে কিতাপখন কিতাপৰ দোকান বা গ্ৰন্থমেলাত বিচাৰি পোৱা নাই আৰু যিসকলে এমাজন ৰ পৰা কিতাপখন কিনিব পৰা নাই তেওঁলোকে এতিয়া নিজৰ এনড্ৰইড মবাইল ফোন, টেবলেট আৰু কম্পিউটাৰত ই-বুকখন পঢ়িব পাৰিব৷ লিংকটো হ'ল -

https://goo.gl/5JA5oF

Address

Gauhati

Alerts

Be the first to know and let us send you an email when AssamKart posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share